নগাঁও

শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : উত্তৰ পূব ভাৰতৰ অন্যতম আগশাৰীৰ মানৱ সেৱাৰ অনুষ্ঠান নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনৰ মহাৰজত জয়ন্তী বৰ্ষৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ৰ চৌহদত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসৰ পুৱা সভাপতি প্ৰেমেশ্বৰ দাসে মিছনৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পাছতে স্মৃতি তৰ্পন কাৰ্যসূচীত মিছনৰ উপদেষ্টা দেহীৰাম বৰা আৰু ড০ ধৰ্মেশ্বৰ গোস্বামীয়ে পাতনি মেলাৰ অন্তত বিনামূলীয়া চকু চিকিৎসা আৰু স্বাস্থ্য শিবিৰ মুকলি কৰে উপ-সভাপতি ডা০ কৃষ্ণ কুমাৰ বৰাই। সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানতে মিছন চৌহদত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাপৰ্ণ কাৰ্যসূচী শুভাৰম্ভ কৰে উপ-সভাপতি হৰ বৰা, যুটিয়া সম্পাদক ক্ৰমে মুনীন্দ্ৰ শইকীয়া আৰু প্ৰদীপ শইকীয়াই।

ইয়াৰ পাছতে মিছনৰ লোকসেৱক হলধৰ ভূঞা প্ৰেক্ষাগৃহত "ভয়াৱহ মাদকদ্ৰৱ্য প্ৰতিৰোধত জনসাধাৰণ,যুৱ সমাজ আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ ভূমিকা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰেমেশ্বৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত এই আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই।

আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁৱৰ প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজকৰ্মী ডা০ দুৰ্লভ চমুৱা আৰু ড০ কবিতা দেৱী কুশ্ৰে। দুয়োগৰাকী সমল ব্যক্তিয়ে মাদক দ্ৰব্যৰ ব্যৱহাৰে সমাজৰ তথা মানৱ জীৱনৰ কিমান পৰিমাণৰ ক্ষতি সাধন কৰিছে তাৰ এখন ভয়াৱহ ছবি দাঙি ধৰে।

এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকে দৃঢ়তাৰে আৰু সেৱাৰ মনেৰে মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰিবলৈ সজাগতা সৃষ্টিৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়। সন্ধিয়া মিছনৰ জ্যেষ্ঠ সদস্য ভাৰত চন্দ্ৰ গোস্বামী আৰু প্ৰভাত বৰাই বন্তি প্ৰজ্বলনেৰে আজি দিনটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে। উল্লেখযোগ্য যে বুধবাৰে মিছনৰ মুখ্য কাৰ্যালয়ৰ চৌহদতে থকা শ্ৰীমন্ত শংকৰ মিশ্যনৰ চকু চিকিৎসালয়ৰ "চকু অস্ত্ৰপ্ৰচাৰ কক্ষ"টোৰ পুনৰ নিৰ্মাণৰ অন্তত আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

ইয়াৰ পাছতে দুপৰীয়া ১-০০ বজাত আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত,উদ্বোধক হিচাপে উপস্থিত থাকিব নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ। উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গুণীন হাজৰিকাক।