শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিবেশন উপলক্ষে লাইখুঁটা স্থাপন...  
নগাঁও

শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিবেশন উপলক্ষে লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰত আগন্তুক জানুৱাৰী মাহত তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিবেশন উপলক্ষে দেওবাৰে এক মাংগলিক পৰিবেশত অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়। সম্পূৰ্ণ মাংগলিক পৰিবেশত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা এক পৰিবেশত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কলিয়াবৰৰ মনিকাঞ্চণ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হ'বলগা এই ৰাজ্যিক অধিবেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সভাপতি দিনেশ মহন্ত উপস্থিত থাকে। উল্লেখ্য যে, সমাগত নৱ বৰ্ষৰ ২৭ ৰ পৰা ২৯ জানুৱাৰীলৈকে কলিয়াবৰৰ শান্তিপুৰৰ মনিকাঞ্চণ ক্ষেত্ৰত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশন।

কৃষ্ণমূৰ্তি পাঠকে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত টংকেশ্বৰ বৰা, তুলাৰাম বৰা, প্ৰশান্ত কুমাৰ শইকীয়া, ৰাজু দত্ত, হেমোধৰ হাজৰিকা, বীৰেণ হাজৰিকা, দিলীপ কুমাৰ হাজৰিকা, মৃনাল কুমাৰ হাজৰিকা, মামণি ভূঞা হাজৰিকা, সংগীতা পূজাৰীকে ধৰি দুই শতাধিক ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি পৰিবেশটো জীপাল কৰি তোলে।