নগাঁও

সদৌ অসম সূত সন্মিলনৰ ৰিনিকি ভূঞা শৰ্মালৈ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁওঃ সদৌ অসম সূত সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন দিনৰ ১১ বজাৰ পৰা সাহিত্য সভা ভৱনত জ্যেষ্ঠ উপ-সভাপতি অতুল ভূঞাৰ সভাপতিত্ব অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক দিবাকৰ বৰাই।সভাই অহা ২৭ আৰু ২৮ জানুৱাৰীত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বঢ়মপুৰত হ'বলগীয়া ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ কাৰ্যসূচীসমূহত অনুমোদন জনোৱা লগতে অধিবেশনৰ মুকলি সভাত প্ৰদান কৰিবলগীয়া বঁটাসমূহ আৰু বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী আৰু বিধায়ক শশীকান্ত দাস, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, সত্ৰাধিকাৰ তথা সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, অধ্যক্ষ ডঃ মৃগাঙ্ক শইকীয়া, জিলা বি জে পি ৰ সভাপতি অভিজিত নাথ,সাহিত্যিক পৰান কুমাৰ বৰুৱা,অধ্যক্ষ দিলীপ বৰা, সমাজকৰ্মী মাজুলীৰ প্ৰভাত দত্ত, সমাজকৰ্মী বোকাখাতৰ নৰেন্দ্ৰ কুমাৰ হাজৰিকা, সন্মিলনৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ বৰা, সাধাৰণ সম্পাদক লক্ষীৰাম বৰা, বিশিষ্ট অভিনেতা অতুল পাচনী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, সমাজকৰ্মী শিৱসাগৰৰ হৰিপ্ৰসন্ন হাজৰিকা, অভিনেতা যতীন বৰা, সমাজকৰ্মী ঋষিৰাজ হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

২৭ জানুৱাৰীত প্ৰতিনিধি সভা উদ্বোধন কৰিব সাংসদ কামাখ্যা প্ৰসাদ তাছাই। মুকলি সভাত প্ৰদান কৰিবলগীয়া বঁটাসমূহ "ৰোমহৰ্ষন সূত গোস্বামী বঁটা" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডঃজীতেন হাজৰিকাক, "মহীষসী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা" প্ৰাইড-ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাক, "শ্বহীদ অনিল বৰা সোঁৱৰণী বঁটা" আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক, বজালী জিলাৰ অধ্যাপক ৰাজেন দাসক, "সনৎৰাম বৰা সোঁৱৰণী নৈমিষা বঁটা" গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃদিলীপ বৰাক আৰু "সূতাচাৰ্য মহীৰাম বৰা সোঁৱৰণী বঁটা" সূত গৱেষক, বিশিষ্ট শিক্ষাবিদ, ঢকুৱাখনাৰ দেৱৰাম সূতক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুকলি সভা উদ্বোধন কৰিব বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাই। প্ৰতিখন জিলা সন্মিলনৰ পৰা ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ বাবে সাধাৰণ সম্পাদক দিবাকৰ বৰা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰেশ বৰা, কাৰ্যকৰী সভাপতি অমিতাভ বৰা আৰু সাধাৰণ সম্পাদক তৰুণ চন্দ্ৰ বৰাই এক বিবৃতিত আহ্বান জনাইছে।