নগাঁৱৰ দক্ষিণপাট বৰজহাত ধুমুহাৰ তাণ্ডৱ: গছ বাগৰি যাতায়ত ব্যাহত...  
নগাঁও

নগাঁৱৰ দক্ষিণপাট বৰজহাত ধুমুহাৰ তাণ্ডৱ: গছ বাগৰি যাতায়ত ব্যাহত...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়া: আজি বিয়লি নগাঁও জিলাৰ মাজেৰে পাৰ হৈ এজাক ধুমুহা-বৰষুণে বিস্তৰ ক্ষিতি সাধন কৰে। জিলাখনৰ দক্ষিণপাট অঞ্চলৰ বৰজহা, দক্ষিণপাট,হাতীগড় আদি গাঁও এই ধমুহাত ক্ষতিগ্ৰস্ত হয়।

বিশেষকৈ বৰজহা গাঁওখনক তচনচ কৰি যায় ধুমুহাজাকে। গাঁওখনৰ সামূহিক ভৱনৰ ওচৰত এডাল প্ৰকাণ্ড ভেলৌ গছ উভালি পৰাৰ ফলত নগাঁও-দক্ষিণপাট পথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

ইয়াৰোপৰি বৰজহা দলঙৰ আশে-পাশে ভাঙি পৰে পাঁচটাকৈ বিদ্যুতৰ খুঁটা। যাৰবাবে সমগ্ৰ অঞ্চলটোৰ বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলটোত ততালিকৈ গৈ উপস্থিত হয় অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াৰ দল।

ইপিনে এই ধুমুহাজাকে বিস্তৰ ক্ষতিসাধন কৰে ৰহাৰ সৰাগাঁও অঞ্চলৰ। ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলটোৰ কেইবাঠাইতো গছ-গছনি উভালি পৰাৰ লগতে বিদ্যুতৰ খুঁটা ভাঙি পথৰ ওপৰতেই বাগৰি পৰে। ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজে শীঘ্ৰেই ভাঙি পৰা বিদ্যুতৰ খুঁটা সংস্থাপন কৰি বিদ্যুত সেৱা প্ৰদান কৰিবলৈ সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে ।