নগাঁও

নগাঁৱত ''নিচামুক্ত ভাৰত অভিযান'' শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ ব্যৱস্থাপনাত ,নগাঁও জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ ছ'ল ওৱেভ ফাউণ্ডেছন আৰু এছ'চিয়েশ্বন ফ'ৰ চছিয়েল হেলথ ইন ইণ্ডিয়াৰ তত্বাৱধানত শনিবাৰে নগাঁৱত নিচামুক্ত ভাৰত অভিযান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । ড্ৰাগছৰ ভয়বহতাৰ বিষয়ে নৱপ্ৰজন্মৰ লগতে ৰাইজক সজাগ কৰিবলৈ এই অভিযান চলায়।

জিলাখনৰ বেবেজীয়া ,ফুলগুৰি,ৰহা , নগাঁও চহৰৰ কেবাটাও স্থানত ইয়াৰ লগত সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটৰ জৰিয়তে তেওঁলোকে ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰে। বাটৰ নাটে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ছ'ল ওৱেভৰ সভাপতি সুৰঞ্জিতা শৰ্মা আৰু সাধাৰণ সম্পাদক কাজল কিশোৰ দাসৰ নেতৃত্বত শিল্পী মানস শৰ্মা , ৰাজীৱ শৰ্মা ,ডলী চক্ৰৱৰ্তী ,নয়ন জ্যোতি শৰ্মা অমৃতপ্ৰাণ দত্তই বাটৰ নাটত সাবলীল অভিনয় কৰে। অন্যহাতে বাটৰ নাটৰ অনুষ্ঠানটিত নগাওঁ জিলা সমাজ কল্যান বিষয়া বিদ্যুৎ হাজৰিকা, জিলা মহিলা সৱলীকৰণৰ লিংগ বিশেষজ্ঞ সুৰজিত বৰঠাকুৰ উপস্থিত থাকে ।