এইডছ নিয়ন্ত্ৰণৰ লক্ষ্যৰে নগাঁৱৰ ভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন... 
নগাঁও

এইডছ নিয়ন্ত্ৰণৰ লক্ষ্যৰে নগাঁৱৰ ভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমত এইডছ নিয়ন্ত্ৰণ কাৰ্য্যসূচী সজাগতা কাৰ্য্যক্ৰমৰ লগত সংগতি ৰাখি আজি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়, ধিং বজাৰ, ধিং মাৰ্কেটিং আৰু বটদ্ৰৱাত বাটৰ নাটক কৰা হয়।

ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্য্যসূচী (এন এ চি পি)ৰ অধীনত অসমত এইডছ নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ এই বাটৰ নাটক পৰিবেশন কৰে 'মাইম এইট মুভমেণ্ট' শীর্ষক সাংস্কৃতিক গোষ্ঠীয়ে। গোষ্ঠীটোৰ হৈ আজিৰ এই নাটকত অভিনয় কৰে ক্ৰমে সুৰুজ খান, প্ৰাঞ্জল ডেকা, বিশ্বজিত হাজৰিকা, কিশোৰ ৰাজবংশী, জুৰি দেৱী, পৰশ নাথ আদিয়ে।