নগাঁও

পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ অন্তৰংগ আলাপ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : 'কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰি।' পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে প্ৰাক্তন ছাত্ৰ তথা গোলাঘাট জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ- ছাত্ৰীৰ লগত অন্তৰংগ আলাপ কৰি এইদৰে মন্তব্য কৰে।

পূৱথৰীয়া অঞ্চলত মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি অন্তঃৰংগ আলাপ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গোলাঘাট জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্ত।

উল্লেখ্য যে, শিক্ষানুষ্ঠানখন স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছিল প্ৰয়াত সদানন্দ মহন্তই।অঞ্চলটোত শৈক্ষিক উত্তৰণৰ উদ্দেশ্যে মাধতাৰি গাঁৱত পূৱথৰীয়া মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰি প্ৰয়াত মহন্তই প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল।

ইয়াৰোপৰি তেওঁ সমাজসেৱা আগবঢ়োৱা আৰু নিজৰ সন্তানকো সেই বিদ্যালয়ত শিক্ষাদান কৰি সমাজত প্ৰতিষ্ঠিত কৰিছিল। তেওঁৰেই সুযোগ্য সন্তান দিব্যজ্যোতি মহন্তই আজি নিজৰ পঢ়াশালীত উপস্থিত হৈ শৈক্ষিক জীৱনৰ মধুৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। 

অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি জীৱনৰ ঈস্পিত সফলতা লাভ কৰাত শিক্ষাগুৰু তথা পিতৃৰ অৱদানৰ লগতে শিক্ষাগুৰুসকলৰ অৱদান আলোকপাত কৰে। বিদ্যালয়খনক নিজৰ সন্তানৰ দৰে মৰম আৰু ভালপোৱা সদানন্দ মহন্তই কলিয়াবৰত কেইগৰাকীমান গুণী- বিদ্যমান ব্যক্তিৰ লগ হৈ গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ জৰিয়তে গ্ৰামাঞ্চলত শৈক্ষিক জাগৰণ আনিবলৈ নেতৃত্ব প্ৰদান  কৰিছিল।

সেই কথা ছাত্ৰ-ছাত্ৰীৰ আগত ব্যক্ত কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুক শ্ৰদ্ধা- ভক্তি কৰি শিক্ষাগ্ৰহণ কৰি ভাল মানুহ হিচাপে সমাজত কাম কৰি যাবলৈও আহ্বান জনায়। গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ জৰিয়তে গ্ৰামাঞ্চলত শৈক্ষিক জাগৰণ আনিবলৈ প্ৰয়াস কৰা প্ৰয়াত শিক্ষাগুৰু সদানন্দ মহন্তৰ চিন্তা আৰু আদৰ্শ উত্তৰপুৰুষৰ বাবে যুগমীয়া কৰাৰ উদ্দেশ্যে দিব্যজ্যোতি মহন্তই পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে  শিক্ষাগুৰু -পিতৃৰ সোঁৱৰণত এটি পুথিভঁৰাল নিৰ্মাণৰ কথা অৱগত কৰে।

আনহাতে অনুষ্ঠানৰ আঁত ধৰে প্ৰধান শিক্ষক দিগন্ত মহন্তই। এই অনুষ্ঠানত প্ৰয়াত সদানন্দ মহন্তৰ মাজুপুত্ৰ বিৰাজ মহন্ত, কণিষ্ঠ বিদ্যানন্দ মহন্ত, ভূপেন মহন্ত, দিলীপ নেওগ,শিক্ষক দুলাল বৰা, কাৰ্তিক হাজৰিকা, ৰাণা কাকতি, কৃষ্ণ ভূঞা, কুমুদ নাথ, দীপক উপাধ্যায়, বৰ্ণালী কটকী, ববী বৰা, বৰ্ণালী চক্ৰৱৰ্তী, ৰিংকু মেধি বৰুৱা, জ্যোতি প্ৰভা গোস্বামী, নিকুঞ্জ বৰাকে প্ৰমুখ্য কৰি শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।