নগাঁও

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সফলতা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : মধ্য অসমৰ অন্যতম অগ্ৰণী উচ্চ তথা সম্ভ্ৰান্ত শিক্ষানুষ্ঠান নগাঁও চহৰস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্জ্বলাই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উত্তৰ- পূৱ ভাৰতৰ কলেজ সমূহৰ ভিতৰত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উৎকৃষ্ট কলেজ বঁটা-২৪ লাভ কৰিবলৈ সক্ষম হৈছে।

বৃহস্পতিবাৰে ভাৰতীয় সেনাবাহিনীৰ (এন চি চি)মুৰব্বী লে: জে: গুৰবীৰপাল সিঙে ভাৰতীয় সেনাৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে। মহাবিদ্যালয় খনৰ হৈ অধ্যক্ষ ড: সদানন্দ পায়েঙে এই বঁটা গ্ৰহণ কৰে। গুৱাহাটীৰ নাৰেংগীস্থিত ভাৰতীয় সেনাৰ মূল কাৰ্যালয়ত অনুষ্ঠিত সভাত উত্তৰ পূৱ ভাৰতৰ সকলো ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এনচিচি) বিষয়া বৰ্গ, কেডেট আদি উপস্থিত থাকে। এডিপি কলেজৰ এই সফলতাত মহাবিদ্যালয়ৰ পৰিয়াল উৎফুল্লিত হৈছে।