নগাঁও

কচুৱাৰ বিভিন্ন ঠাইত সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰে ৰহা সমষ্টিৰ কচুৱাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ আৰু এআইইউডিএউ দলৰ প্ৰাৰ্থী আমিনুল ইছলামে হেলিকপ্তাৰত আহি নিৰ্বাচনী সভা কৰি গৈছিল। তাৰ পিছতেই বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই দেওবাৰে দলীয় একাংশ নেতা-কৰ্মীক লগত লৈ কচুৱাৰ বিভিন্ন ঠাইত মাৰাথান নিৰ্বাচনী সভাত ভাগ লৈ ব্যাপক প্ৰচাৰ চলায় ৷

বিয়লি তিনিবজাৰ পৰা প্ৰমিলা ,মাধৱপাৰা ,চিতলমাৰী ,জুৰিৰৰপাৰৰ লকডাউন বজাৰ ,বিৰিঙাআটি আৰু কাজিৰঙা বালিচৰীয়াত অনুষ্ঠিত নিৰ্বাচনী সভা সমূহত উপস্থিত থাকি তেওঁক ভোট দি নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ তেওঁ কয় যে, কংগ্ৰেছ দলৰ সাংসদ প্ৰদুত বৰদলৈয়ে বিগত পাঁচটা বছৰত আচঁনি ৰূপায়ন নকৰি ৰাইজৰ পৰা আতঁৰি আছিল । লগতে এআইইউডিএফ দলৰ প্ৰাৰ্থীক সাম্প্ৰদায়িক নেতা বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাই দেশৰ প্ৰগতিৰ অংশীদাৰ হওক বুলি সুৰেশ বৰাই ৰাইজৰ পৰা ভোট বিচাৰে ৷