নগাঁও

অসম আন্দোলনৰ শ্বহীদ শংকৰ কাকতি,পৰোজ বৰাৰ স্মৃতি দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও: অসম চুক্তি যথাযথ ৰূপায়ন নকৰাৰ বাবেই আজিও অসমৰ আৰ্থসামাজিক সমস্যা সঠিক ভাবে সমাধান হোৱা নাই। অসম আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগক চৰকাৰে গুৰুত্ব দি অসম চুক্তিৰ দফা সমূহ শীঘ্ৰে ৰূপায়ন কৰা উচিত। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকাৰ।

সোমবাৰে নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১৯৮ নং টাউন প্ৰাথমিক বিদ্যালয়ত অসম আন্দোলনৰ শ্বহীদ শংকৰ কটকী আৰু পৰোজ বৰাৰ স্মৃতিত আয়োজন কৰা শ্বহীদ দিৱসৰ মুকলি সভাত এই মন্তব্য কৰি হাজৰিকাই অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৩৯ বছৰ পুৰ হোৱাৰ পিছতো চুক্তিখন চৰকাৰে ৰূপায়ন নকৰাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ চৰকাৰক নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ন কৰিবলৈ দাবী জনায়। অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰক এই মাধ্যম বিৰোধী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁ ছাত্ৰ -ছাত্ৰী সকলৰ উদ্যেশি মননশীল ভাষণ প্ৰদান কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই বিভিন্ন কাৰণত অসমীয়া ভাষা প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছে। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে অসমৰ বহু মাতৃভাষাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হৈছে। এইয়া আমাৰ বাবে দুৰ্ভাগ্যজনক।ইয়াৰ নিৰাময়ৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব।

সভাত অসম উন্নতি সভাৰ উপসভাপতি অমৰজিৎ গোস্বামী, লেখক সাংবাদিক কনক হাজৰিকা , উন্নতি সভাৰ দেৱজিৎ বৰা , সুৰজিৎ গোস্বামী, লেখিকা কৰবী লিগিৰা ,বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ বৰা , সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শৰৎ শৰ্মাৰ লগতে ছাত্ৰ নেতা ক্ৰমে চিন্ময় বৰা ,স্নিগ্ধা শইকীয়া, মানস প্ৰতীম বৰা, বেদান্ত ৰক্তিম বৰা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভপতি নৱজ্যোতি কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক দুলাল শৰ্মাই।

ইয়াৰ আগতে নগাঁও ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ খেল পথাৰত থকা স্থায়ী শ্বহীদ বেদীত দুই শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া আৰু দুই শ্বহীদৰ পৰিয়ালবৰ্গই । ইপিনে শ্বহীদ দিবসৰ লগত সংগতি ৰাখি টাউন প্ৰাথমিক বিদ্যালয়ৰ ছাত্র -ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুকলি সভাতেই প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলক বটা প্ৰদান কৰা হয়।