চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক...  
নগাঁও

চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক...

চাৰিজন ব্যক্তিৰ পৰা ধন লোৱাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক ৷ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক লক্ষ্যজ্যোতি বৰাক ৷ লক্ষ্যজ্যোতি বৰা নগাঁও চহৰত মুন বৰা বুলি পৰিচিত ৷

হয়বৰগাঁওস্থিত বাসভৱনৰ পৰা লক্ষ্যজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধ পোছ কৰি আছে ৷ নগাঁৱৰ আৰক্ষী অধীক্ষকে এই গ্ৰেপ্তাৰৰ সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি ঘটনা বিবৰণ আগবঢ়ায় ৷

গ্ৰেপ্তাৰ হোৱা শিক্ষক লক্ষ্যজ্যোতি বৰা নগাঁৱৰে পূৱ চিলনি মুক্তাব বিদ্যালয়ৰ শিক্ষক। তেওঁৰ বিৰুদ্ধে চাৰিজন লোকৰ পৰা চাকৰিৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে প্ৰবঞ্চক লক্ষ্যজ্যোতি ওৰফে মুনক সোধপোচ চলাই আছে ।