নগাঁও

বলিকটীয়াত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱাৰ বলিকটীয়াত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। পালচাৰ বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুজন লোক।

দগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বলিকটীয়া গাঁৱত নতুনকৈ নিৰ্মাণ কৰা পথত তীব্ৰ বেগত অহা As 02 O 4492 নম্বৰৰ স্কুটি আৰু As 02 AL 1384 নম্বৰৰ পালচাৰ বাইকৰ মুখামুখি খুন্দাত এজন ছাত্ৰৰ লগতে বাইক আৰোহী আঘাতপ্ৰাপ্ত হয়।

লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।