নগাঁও

গুৰু বন্দনাৰে মুখৰিত শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অপূৰ্ব সংস্কৃতি প্ৰদৰ্শন, ৰুক্মিণী হৰণ ভাওনাই মুগ্ধ কৰিলে অযোধ্যাবাসীক

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰবা : গুৰু বন্দনাৰে মুখৰিত হ'ল শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্য। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে অযোধ্যাত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত সূত্ৰধাৰ ২০২৪" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ লক্ষ্যৰ অনুষ্ঠিত এই অনুষ্ঠান উপলক্ষে অযোধ্যাত অসমীয়া ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ নাম কীৰ্তন, বৰগীত, ভাওনা আদি সাংস্কৃতিক কাৰ্যসূচীৰে উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। শনিবাৰে আন আন কাৰ্যসূচীৰ পাছত নিশা অনুষ্ঠিত হয় "ৰুক্মিণী হৰণ" ভাওনা।

প্ৰিঞ্চিপ্ৰিয়া কলিতা, বিশাল শইকীয়া, প্ৰাচুৰ্য প্ৰতীম বৰা, হৰি হাজৰিকাকে আদি কৰি কুশীলৱৰ লগতে সত্যৰঞ্জন বৰাৰ "শিশুপাল" চৰিত্ৰৰ দুৰ্দান্ত অভিনয়ৰে অনুষ্ঠিত ভাওনা উপভোগ কৰি অযোধ্যাৰ স্থানীয় আৰু অসমীয়া দৰ্শকসকল আপ্লুত হৈ পৰে।