"বিকাশ"ৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান সম্পন্ন... 
নগাঁও

"বিকাশ"ৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান "বিকাশ"ৰ উদ্যোগত চলিত জুলাই মাহৰ গৰমৰ বন্ধৰ সময়চোৱাৰ সৎ ব্যৱহাৰ কৰি যোৱা ১ জুলাইৰ পৰা আজি ৭ জুলাইলৈ সাতদিনীয়া বিশেষ যোগাসন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত এই প্ৰশিক্ষণত বিশিষ্ট যোগ প্ৰশিক্ষক শংকৰ দেৱনাথ আৰু ৠতুৰাজ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে।

ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত ঔম মন্ত্ৰ উচ্চাৰণৰ পাছত চক্ৰাসন, ধনুৰাসন, নৌকাসন, আকৰ্ন ধনুৰাসন, প্ৰাণায়াম কৰা হয়। পাছত শিৱ প্ৰসাদ বৰাই আঁত ধৰা সামৰণি অনুষ্ঠানত বিকাশৰ তৰফৰ পৰা প্ৰশিক্ষক শংকৰ দেৱনাথ আৰু ৠতুৰাজ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই যোগাসনে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশক কেনেদৰে উৎকৰ্ষ সাধন কৰে সেই সন্দৰ্ভত ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিকাশৰ উপদেষ্টা গোবিন হাজৰিকা, খগেন বৰুৱাৰ লগতে প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, বিচিত্র নাৰায়ণ শ‌ইকীয়াৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।