User
নগাঁও

গুৰুত্ব নাই চৰকাৰৰ ! হাতে-কামে লাগি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং  

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : চৰকাৰলৈ বাট নাচাই নগাঁও জিলাৰ কচুৱাৰ ৰমনিপথাৰ হাতীখুটিৰ ৰাইজ এইবাৰ বৰপানী নৈৰ ওপৰত দলং নিৰ্মানত হাতে-কামে লগা পৰিলক্ষিত হয়। কামপুৰ ৰাজহচক্ৰৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি আৰু ৰমনিপথাৰ সংযোগী দলঙখনৰ বাবে ৰাইজে বহু বছৰৰ পৰা জীয়াতু ভুগি আহিছে।

জনপ্ৰতিনিধি কিম্বা চৰকাৰক বহু আবেদন-নিবেদন কৰিও সফল নহ’ল ৰাইজ। সেয়ে এইবাৰ চৰকাৰৰ মুখলৈ বাট নাচাই দলং মেৰামতিৰ বাবে ওলাই আহে ৰাইজ।

যাতায়তৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। উল্লেখ্য যে এই দলংখনৰ বিধস্ত ৰূপৰ বাবে দুয়োখন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। 

ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে অস্থায়ীভাৱে নিৰ্মান কৰা এই বাঁহৰ দলঙখনে বহুলোকক সকাহ দিছে।