নগাঁও

নগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা ম’বাইল গতালে গৰাকীক

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : ম’বাইল চোৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷ নগাঁও আৰক্ষীৰ কাৰিকৰী দলে অভিযান চলাই উদ্ধাৰ কৰিছে চুৰি হোৱা ২০ টা ম’বাইল ৷

চহৰখনৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীৰ দলটোৱে ম’বাইলসমূহ উদ্ধাৰ কৰি গৰাকীৰ হাতত গতাই দিয়ে ৷ নগাঁও আৰক্ষী অধীক্ষক নবনীত মহন্তই কাৰ্যালয়ত উদ্ধাৰ হোৱা ম’বাইলসমূহ গৰাকীৰ হাতত গতাই দিয়ে ৷