সুৰেশ বৰাক বিজেপিয়ে টিকট দিয়াৰ খবৰে উৎসাহিত কৰিছে কংগ্ৰেছীক... 
নগাঁও

সুৰেশ বৰাক বিজেপিয়ে টিকট দিয়াৰ খবৰে উৎসাহিত কৰিছে কংগ্ৰেছীক...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দলীয় কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত। এইবাৰ ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমষ্টি হ'ল নগাঁও লোকসভা সমষ্টি।

সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা পূৰ্বৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নাইবা গৌৰৱ গগৈয়ে অৱতীৰ্ণ হোৱাটো খাটাং। দুয়োজন প্ৰাৰ্থীয়ে টিকট বিচাৰি নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কিন্তু তাৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে যেন এক প্ৰকাৰে ৱাক অভাৰ দিছে নগাঁও সমষ্টি। কাৰণ সমষ্টি পুনৰ গঠনৰ পিছত পূৰ্বতকৈ বহু সলনি হ'ল নগাঁও লোকসভা সমষ্টি। সমষ্টিটোৰ অন্তৰ্ভুক্ত হৈছে নগাওঁ, বটদ্ৰৱা, ধিং, ৰূপহী হাট, চামগুৰি, ৰহা, মৰিগাঁও, জাগীৰোড, লাহৰীঘাট বিধানসভা সমষ্টি।

এনে পৰিপ্ৰেক্ষিতত সমষ্টি পুনৰ নিৰ্ধাৰণে নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাসো সলনি কৰিলে। যাৰ বাবে সমষ্টিটোৰ সমীকৰণো সলনি হৈছে বিজেপিৰ। আনকি পূৰ্বৰ সাংসদ ৰাজেন গোঁহায়ে মুকলিকৈ নগাঁৱত বিজেপি পৰাজয় হ'ব বুলি ঘোষণাও কৰিছে।

ইফালে সদ্য কংগ্ৰেছ ত্যাগী তথা ন বিজেপি সুৰেশ বৰাক বিজেপিৰ পৰা টিকট দিব বুলি খবৰ প্ৰচাৰ হোৱাত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ দলৰ নেতা-কৰ্মীসকল। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজে সুৰেশ বৰাই বিজেপিৰ টিকট পালে কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে। তেওঁলোকৰ মতে সুৰেশ বৰাই প্ৰতিদ্বন্দিতা কৰিলে কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰিবলৈ কেৱল আনুষ্ঠানিকতাহে বাকী থাকিবগৈ বুলিও মন্তব্য কৰিছে।

সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীয়েই নাই বুলি মন্তব্য কৰি একাংশ লোকে দাবী কৰিছে সেয়ে কংগ্ৰেছৰ পৰা মানুহ নি নগাঁৱত টিকট দিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে।

আনহাতে এ আই ইউ ডি এফ দলে ইতিমধ্যেই ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থী ঘোষণা কৰি নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।