সাত দিনীয়া কোচ ৰাজবংশীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ সফল সামৰণি... 
নগাঁও

সাত দিনীয়া কোচ ৰাজবংশীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ "বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ ভাষা-সংস্কৃতি, সাহিত্য আদিৰ গঠন, বিকাশ, প্ৰসাৰত কোচ ৰাজবংশীসকলৰ গুৰুত্বপূৰ্ণ অৱদান, অপৰিসীম অৰিহণা আছে।" এই মন্তব্য নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলাৰ সভাপতি প্ৰভাত বৰাৰ।

কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত নগাঁও জিলাৰ কাছমাৰীৰ পলাশ তলত সাত দিনীয়াকৈ অনুষ্ঠিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। প্ৰভাত বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ উদেশ্যে ব্যখ্যা কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক জয়ন্ত হাজৰিকাই।

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি খগেন্দ্ৰ জিৎ ঠাকুৰীয়া, প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰা, যুৱ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদুম ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত গৰীয়া মৰিয়া জাতীয় পৰিষদৰ সভাপতি জইন উদ্দিন আহমেদ, নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি অৰবিন্দ ডেকা, শিক্ষক নৰেন ডেকাকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে, কাছমাৰী, পলাশ তল, বাৰপূজীয়া, টকৌবাৰী অঞ্চলৰ কণকণ শিশু, যুৱক-যুৱতী, বোৱাৰীসহ মুঠ ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা সাত দিনীয়া প্ৰশিক্ষণত ধুবুৰীৰ গৌৰীপুৰৰ শিল্পী জুমি সিংহৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাছমাৰী পলাশ তল মুকলি মঞ্চত আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলে কাৰ্তিকা নৃত্য, কুশান নৃত্য, হুদুম নৃত্য, কোচ ৰাজবংশীয় ঢোল বাদন, বাঁহী বাদন পৰিবেশন কৰি উপস্থিত দৰ্শকসকলক আপ্লুত কৰি তোলে।