নগাঁও

উচ্চতম ন্যায়ালয়ৰ উদ্যোগত নগাঁৱত বিশেষ লোক আদালতৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ ৬দিনীয়াকৈ নগাঁৱত বিশেষ লোক আদালতৰ আয়োজন কৰা হৈছে ৷ ৬দিনীয়াকৈ আয়োজিত হ'বলগীয়া বিশেষ লোক আদালতৰ সুবিধা সমূহ এনেধৰণৰ-

দ্ৰুত আপোচ আৰু বিবাদ নিষ্পত্তি

চূড়ান্ত আৰু কাৰ্য্যকৰী নিষ্পত্তি

কম খৰছত বিবাদ নিষ্পত্তি

আদালতৰ মাচুল ঘূৰাই দিয়া- ইত্যাদি বিষয় সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব৷

ইয়াৰ তথ্য https://www.sci.gov.in/ ৱেবছাইটত উপলব্ধ হ'ব ৷ সবিশেষ তথ্যৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী,নগাঁও কৰ্ট বিল্ডিং, ৪ৰ্থ মহলা,কক্ষ নং-৬৩,ফোন নং ৬৯০১২-৮১৬৪২ যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষ্যকে জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিব মুনমী নেঁওগে আহ্বান জনায়।