নগাঁও

বহিঃৰাজ্যত কঠীয়াতলীৰ দুই যুৱকৰ কৰুণ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ,কঠীয়াতলী : বহিঃৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ উৰিষ্যাত অসমৰ দুই যুৱকৰ কৰুণ মৃত্যু ঘটে ৷ কে জি এছ নামৰ এটা ৰডৰ কোম্পানীত কৰ্মৰত অৱস্থাত অসমৰ দুই শ্ৰমিকৰ মৃত্যু হয় ৷

নিহত শ্ৰমিক দুজন নগাঁও জিলাৰ কঠিয়াতলী শগুণবাহীৰ দেৱেন বাগলাৰী আৰু নৈ পামৰ বাবুল দাস বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে কোম্পানীৰ ৰড গলা টাৰ্মিনেল বিস্ফোৰণ হৈ মৃত্যু হয় দুই শ্ৰমিকৰ ৷

ইয়াৰোপৰি উক্ত ঘটনাত আন ১০ জন লোক আহত হয় যদিও ৪জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি কোম্পানীৰ অৱহেলাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।

উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল কোম্পানীটোত ৷ বৰ্তমান দুই শ্ৰমিকৰ মৃতদেহ লৈ অসমলৈ ৰাওনা হৈছে পৰিয়ালৰ লোক ৷