নগাঁৱৰ আমোলাপট্টীত চোৰৰ তাণ্ডৱ : লুটি নিলে ৩০ লক্ষ্যাধিক টকাৰ সামগ্ৰী... 
নগাঁও

নগাঁৱৰ আমোলাপট্টীত চোৰৰ তাণ্ডৱ : লুটি নিলে ৩০ লক্ষ্যাধিক টকাৰ সামগ্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: আৰক্ষীয়ে গিজগিজাই থকা নগাঁও চহৰত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰি -ডকাইটিৰ ঘটনা। আজিও পুৱতিনিশা চহৰখনৰ আমোলাপট্টীত সংঘটিত হয় এক চুৰিকাণ্ড।

আমোলাপট্টীৰ বি এম ৰোডত সংঘটিত হৈছে এই চুৰিকাণ্ড। অনিল ম'ৰ নামৰ ব্যৱসায়ী জনৰ ঘৰত আজি পুৱতিনিশা চোৰৰ দলে চলাই চাফাই অভিযান। নিশাৰ নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে ম'ৰৰ ঘৰৰ দৰ্জা ভাঙি ভিতৰত প্ৰবেশ কৰি নগদ ধন, সোণৰ অলংকাৰসহ ৩০ লাখৰো অধিক টকা মূল্যৰ সা -সামগ্ৰী লুট কৰি নিয়ে।

চুৰি কাৰ্য সংঘটিত হোৱাৰ সময়ত ঘৰটোত এহাল বৃদ্ধ দম্পতি আছিল। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছতহে চুৰিকাৰ্য সংঘটিত হোৱাৰ কথা পৰিয়ালৰ লোকে জানিব পাৰে।

লগে লগে তেওঁলোকে নগাঁও আৰক্ষীক বিষয়টো অবগত কৰে। ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। নগাঁও চহৰত সঘনাই হৈ থকা চুৰি -ডকাইটিৰ ঘটনাত নাগৰিক সকল চিন্তিত হৈ পৰিছে। চোৰ ডকাইতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ নাগৰিক সমাজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।