পুৰণিগুদামত নিশা চুৰিকাণ্ডঃ সমগ্ৰ দৃশ্য বন্দী কেমেৰাত... 
নগাঁও

পুৰণিগুদামত নিশা চুৰিকাণ্ডঃ সমগ্ৰ দৃশ্য বন্দী কেমেৰাত...

Asomiya Pratidin

ডিজিটেল সংবাদ পুৰণিগুদামঃ সোমবাৰে নিশা নগাওঁ জিলাৰ পুৰণিগুদামত সংঘটিত হয় এক চুৰিকাণ্ড। পুৰণিগুদামৰ অংশুমান অসম লজিষ্টিকৰপৰা চোৰে লৈ যায় ২৬ বস্তা চুপাৰি।

ইফালে এই সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰয় চি চি টিভি কেমেৰাত। আনহাতে আৰক্ষীয়ে নিশাই এই চুৰিকাণ্ডত ব্যৱহাৰ হোৱা বাহখনসহ চুৰি হোৱা চুপাৰিখিনি জব্দ কৰে।

চুৰিকাণ্ড সংঘটিত হোৱা অংশুমান অসম লজিষ্টিকৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত আৰক্ষীয়ে জব্দ কৰে চুৰিকাণ্ডত ব্যৱহাৰ হোৱা বাহনখন। অৱশ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত কোনো এজন ব্যক্তিকে আটক কৰিবলৈ সক্ষম নহ'ল ।