কঠীয়াতলীত ড্ৰাগছসহ আটক তিনিজন... 
নগাঁও

কঠীয়াতলীত ড্ৰাগছসহ আটক তিনিজন...

Asomiya Pratidin

ডিজিটেল সংবাদ কঠীয়াতলীঃ নগাঁও জিলাৰ কঠীয়াতলীত কলিয়াবৰ আৰু কঠীয়াতলী আৰক্ষীয়ে আজি এক যৌথ অভিযান চলাই ড্ৰাগছসহ তিনিজন লোকক আটক কৰে। আৰক্ষীয়ে কঠীয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত শিলচৰৰ পৰা গৈ থকা এ এছ ১২ চি চি ২৮৮৪ নম্বৰৰ বাহনখনত তালাচী চলাই সন্দেহযুক্ত ড্ৰাগছভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে।

ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে জখলাবন্ধাৰ মুন্না সৰকাৰ, ৰূপহীহাটৰ ফাৰুক আহমেদ আৰু আমদাদুল ইছলাম। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাহনখন জব্দ কৰাৰ লগতে ধৃত লোক তিনিজনক জে'ল-হাজোতলৈ প্ৰেৰণ কৰে ।