বটদ্ৰৱা থানৰ নিয়মীয়া আইমাতৃ থুনুমাই বৰুৱাৰ বিয়োগ... 
নগাঁও

বটদ্ৰৱা থানৰ নিয়মীয়া আইমাতৃ থুনুমাই বৰুৱাৰ বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ নিয়মীয়া ভকত আইমাতৃ থুনুমাই বৰুৱাৰ শনিবাৰে নিশা ১.১০ বজাত নিজ বাসগৃহত বাৰ্দ্ধক্য জনিত কাৰণত বিয়োগ হয়। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৯৭ বছৰ।

থুনুমাই বৰুৱা কলিয়াবৰ বৰভকতি সত্ৰত জন্ম গ্ৰহণ কৰি ১৯৫১ চনত বটদ্ৰৱা শলগুৰি সত্ৰ নিৱাসী তথা শিক্ষক মোহন চন্দ্ৰ বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। পৰবৰ্তী সময়ত বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গৰ অন্যতম আইসকলৰ পুৱা গধূলি নাম প্ৰসঙ্গৰ নিয়মীয়া ভকত হিচাপে আজীৱন গুৰু সেৱাত ব্ৰতী হৈ পৰে।

কিতাপ পঢ়ি ভাল পোৱা আইমাতৃ গৰাকীৰ কীৰ্ত্তন, নামঘোষা আদি সকলো ধৰ্মগ্ৰন্থ মুখস্থ আছিল। মৰমীয়াল, সৰবৰহী, মৃদুভাষী আইমাতৃগৰাকীৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃসকলে গভীৰ শোক প্ৰকাশ কৰিছে। পুৱা ভকত বৈষ্ণৱৰ উপস্থিতিত বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।