নগাঁও

মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি : বটদ্ৰৱা থানত হৰি নাম কীৰ্ত্তন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, বঢ়াৰ পো মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। মাধৱদেৱৰ তিৰোভাৱ তিথি বটদ্ৰৱা থানত ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’ হিচাপে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।

ঘোষা কীৰ্তন, গন্ধ গোৱা অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ পাছত শনিবাৰে পুৱা ‘তাল কোবোৱা’ প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়। লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে কীৰ্তন ঘৰৰ পিৰালিত বহি "নাম ডাকা" কাৰ্যসূচীৰে মুখৰিত কৰি তুলিছে।

মাধৱদেৱৰ তিথি উপলক্ষে পুৱাৰে পৰা দ্বিতীয় বৈকুন্ঠ বটদ্রৱাত হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে। বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ পাছত বিয়লি কণকণ শিশুৰ অভিনয়েৰে অনুষ্ঠিত হ'ব "দধিমথন" ভাওনা।