নগাঁও

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত দুষ্প্রাপ্য ফুটুকী কাছ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাইডঙীয়াৰ পৰা বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ ফুটুকী কাছ (Soptted pond Turtle) সযতনেৰে কঢ়িয়াই আনি উপস্থিত হয় কেইজনমান প্ৰকৃতিপ্ৰেমী ব্যক্তি। ৰাইডঙীয়াৰ বৰোধান খেতি পথাৰৰ পৰা উদ্ধাৰ কৰি উপযুক্ত সংৰক্ষণৰ চিন্তাৰে প্ৰকৃতিপ্ৰেমী ব্যক্তি ভাস্কৰ জ্যোতি বৰা, পুস্পেন্দ্ৰ কলিতা আৰু প্ৰদীপ শইকীয়াই বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত বুধবাৰে মেলি দিলে বিৰল প্ৰজাতিৰ কাছটো।

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ উপস্থিতিত কাছটো মেলি পৰম সন্তুষ্টি লাভ কৰাৰ কথা প্ৰকাশ কৰিলে প্ৰকৃতিপ্ৰেমী ব্যক্তি ভাস্কৰ জ্যোতি বৰা আৰু সহযোগীসকলে। যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱকূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে প্ৰকৃতিপ্ৰেমী লোক কেইজনে বটদ্ৰৱা থানলৈ আহি কাছ সংৰক্ষণ কৰা প্ৰচেষ্টাক ভকত বৈষ্ণৱে শলাগ লয়।