কলিয়াবৰত চলন্ত অৱস্থাতে জ্বলিল ট্ৰাক... 
নগাঁও

কলিয়াবৰত চলন্ত অৱস্থাতে জ্বলিল ট্ৰাক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলিয়াবৰত নিশা সংঘটিত হ'ল পুনৰ এক দুৰ্ঘটনা। চলন্ত অৱস্থাতে এখন ট্ৰাকত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নিশা যোৰহাট অভিমুখী এখন ট্ৰাকত অগ্নিসংযোগ হয়। ফলত পথৰ মাজতে চলন্ত অৱস্থাত দাওদাওকৈ জ্বলি উঠে ট্ৰাকখন।

সেই সময়ত ট্ৰাকখনত আছিল চালকৰ লগতে এগৰাকী সহযোগী। এই ঘটনাত দুয়োৰে কথমপি প্ৰাণ ৰক্ষা পৰিছে।

অৱশ্যে কি কাৰণত এইদৰে চলন্ত অৱস্থাত ট্ৰাকখনত অগ্নি সংযোগ হ'ল সেই কথা জানিব পৰা নাই যদিও কাৰিকীৰ বিজুটিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।