নগাঁও

নগাঁৱত নিচাযুক্ত দ্ৰব্যসহ দুজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও আৰক্ষীয়ে বুধবাৰে অভিযান চলাই বুজন পৰিমানৰ গাঞ্জাসহ দুজন লোকক আটক কৰে। এক গোপন সুত্ৰৰ পমখেদি নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ চামাদাৰপট্টীত এই অভিযান চলায়।

আৰক্ষীয়ে অভিযানৰ সময়ত আটক কৰা গাঞ্জা ব্যৱসায়ী দুজন হ’ল আইনুল ইছলাম আৰু চূফিয়া বেগম। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন এই দুই ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় কৰি আহিছিল।