নগাঁও

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ পুথিচিত্ৰ শিল্পী

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ দুগৰাকী পুথি চিত্ৰশিল্পীয়ে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত "বিবিধা কা অমৃত মহোৎসৱ" শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত অসমৰ দুজন চিত্ৰশিল্পী সীমান্ত গগৈ আৰু প্ৰীতি সিনহাই পূৰ্বোত্তৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিকাশ পৰিষদৰ তত্বাৱধানত অংশ গ্ৰহণ কৰি অসমৰ আপুৰুগীয়া পুথি চিত্ৰ পৰম্পৰা প্ৰদৰ্শন কৰে।

এই শিল্পী দুগৰাকীয়ে প্ৰদৰ্শন কৰা পুথি চিত্ৰ পৰিদৰ্শন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ভূয়সী প্ৰসংশা কৰে বুলি জানিবলৈ দিছে। উল্লেখ্য যে, সীমান্ত আৰু প্ৰীতিয়ে ধিঙৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "চিহ্ন" ৰ সদস্য হোৱাৰ লগতে অসমৰ বিশিষ্ট পুথিচিত্ৰ শিল্পী মৃদু মৌচম বৰাৰ তত্বাৱধানত পৰম্পৰাগত পুথিচিত্ৰ শিল্প কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।