ei muhurtar khabar  
নগাঁও

শিশু -কিশোৰীক শাৰীৰিক নিৰ্যাতনৰ গোচৰ দুজনক ৩বছৰৰ সশ্ৰম কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: বহি:ৰাজ্য কলিকতাত এগৰাকী যুৱতী চিকিৎসকক কৰ্তব্যৰত অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়ত দুগৰাকী শিশু-কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত নগাঁৱৰ বিশেষ পক্স' আদালতে মঙলবাৰে আৰু সোমবাৰে দুটাকৈ পৃথক ৰায়যোগে দুজনকৈ লোকক তিনি বছৰৰ সশ্ৰম কৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

গোচৰটোৰ চৰকাৰী অধিবক্তা স্বৰজ শ‌ইকীয়াই জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ ৰহা আৰক্ষী চকীৰ অন্তৰ্গত দীঘলধাৰী গাঁৱৰ লক্ষীনন্দন হাজৰিকা(২৬) নামৰ যুৱকজনে স্থানীয় ১৬ বছৰীয়া এগৰাকী যুৱতীক যৌন উৎপীড়নৰ চেষ্টা চলাইছিল। যোৱা ২০১৮ চনৰ এটা নিৰ্দিষ্ট নিশা স্থানীয়ভাৱে অনুষ্ঠিত এক বিহু অনুষ্ঠানত অংশ লবলৈ গৈ যুৱতী গৰাকীক বলপূৰ্বক ভাবে পথাৰত নি ধৰ্ষণৰ চেষ্টা চলাইছিল। ঘটনা সন্দৰ্ভত ৰহা আৰক্ষী থানাত ৰুজু হোৱা ৮৯/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁৱৰ বিশেষ পক্স' আদালতৰ ন্যায়াধীশ ইস্পিতা বৰঠাকুৰৰ আদালতে পক্স' আইনৰ ৮ ধাৰাৰ অধীনত লম্পট স্বভাৱৰ লক্ষীনন্দন হাজৰিকাক তিনি বছৰৰ সশস্ত্ৰ কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

ইপিনে, জিলাখনৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰপুখুৰী- মাজগা‍ঁৱৰ বাসিন্দা তুলেশ্বৰ বসুমতাৰী নামৰ আন এজন লোকে নিজৰ তুলনীয়া ১১ বছৰীয়া কন্যাক ধৰ্ষণ কৰিছিল। যোৱা ২০১৯ চনৰ ২ এপ্ৰিলৰ দিনটোত ঘটনাটো পোহৰলৈ আহিছিল যদিও শিশুটিক তিনিমাহ ধৰি এক প্ৰকাৰ প্ৰতি নিশাই ধৰ্ষণ কৰি আহিছিল। পিতৃৰ এই জঘন্য কাণ্ডত এটা সময়ত অতিষ্ঠ হৈ পৰা শিশুটিয়ে অৱশেষত মাতৃক সমগ্ৰ ঘটনা বিৱৰি কৈছিল। পিছত ঘটনা সন্দৰ্ভত মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত নগাঁও বিশেষ পক্স' আদালতৰ বিশেষ ন্যায়াধীশ ইস্পিতা বৰঠাকুৰে কালি এক ৰায়যোগে ধৰ্ষণকাৰী তুলেশ্বৰ বসুমতাৰীক ভাৰতীয় দণ্ড বিধি আইনৰ ৩৫৪ ধাৰা অনুসৰি তিনি বছৰৰ সশস্ত্ৰ কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।