নগাঁও

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ দুজন সন্ধানহীন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ পেটবহা ধেমাজীৰ দুজন যুৱক ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নিৰুদ্দেশ হৈ থকা যুৱক দুজন হৈছে ধেমাজীৰ নাৰায়ন শইকীয়া আৰু প্ৰাঞ্জল বৰদলৈ ৷

জানিব পৰা মতে, ধেমাজিৰ যুৱকদ্বয়ে মৰিগাঁওৰ লাউভোঙাৰ গোপাল পাটৰ নামৰ এজন ঠিকাদাৰৰ লগত ২ জুনত বাংগালোৰ অভিমুখে যাত্ৰা কৰিছিল কৰ্মসংস্থাপনৰ বাবে ৷ কিন্তু ৰেলেৰে গৈ থকা অৱস্থাতে নাৰায়ন শইকীয়া অন্ধ প্ৰদেশৰ বিজয়ানগৰম নামৰ ষ্টেচনৰ পৰাই নিৰুদ্দেশ হয় ।

অন্ধপ্ৰদেশৰ বিজয়ানগৰম নামৰ ষ্টেচনৰ পৰা নাৰায়ন শইকীয়া নিৰুদ্দেশ হোৱাত নাৰায়ন শইকীয়াক বিচাৰি প্ৰাঞ্জল বৰদলৈ আৰু ৰাজীৱ বৰদলৈৰ লগতে আন যুৱকে ট্ৰেইনৰ পৰা নামি বিচাৰ খোচাৰ কৰে যদিও নাৰায়ন শইকীয়াক বিচাৰি নাপাই অন্য এখন ট্ৰেইনেৰে নাৰায়ন শইকীয়া আৰু আনসকল যুৱক ভুলবশত কৰ্নাটক অভিমুখে যাত্ৰা কৰে আৰু গৈ থকা অৱস্থাতে প্ৰাঞ্জল বৰদলৈ কৰ্নাটকৰ নন্দীৰাম নামৰ ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ৷

যুৱকদ্বয়ৰ নিৰুদ্দেশৰ বাতৰি পৰিয়াল দুটাই গম পোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়াল দুটাত। দুয়োজনৰে পৰিয়ালৰ লোকে ইতিমধ্যে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও অদ্যাপি কোনো খবৰ নোপোৱাত যুৱকদ্বয়ৰ পৰিয়াল কেইটাৰ মাজত হাহাকাৰ লাগিছে । কোনো লোকে যুৱকদ্বয়ৰ সন্ধান পালে ৯৮৫৯৭৭৫২৫২ নম্বৰত যোগাযোগ কৰিবলে আহ্বান জনাইছে পৰিয়ালৰ লোকে।