উলুৱনী আৰক্ষী থানাৰ OC ৰ বিৰুদ্ধে কৰ্তব্যৰত অধিবক্তা-সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ... 
নগাঁও

উলুৱনী আৰক্ষী থানাৰ OC ৰ বিৰুদ্ধে কৰ্তব্যৰত অধিবক্তা-সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ উলুৱনি আৰক্ষীয়ে ঈশান শইকীয়া নামৰ যুৱক এগৰাকীক গ্ৰেপ্তাৰ কৰি আইনৰ দ্বাৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত আদালতত হাজিৰ নকৰি যুৱক জনৰ লগতে বৃদ্ধা মাতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যসকলক মানসিক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপিত হোৱাত স্থানীয় ৰাইজে আচাৰ্য প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত সংশ্লিষ্ট যুৱক জনৰ আত্মীয়‌ আৰু অধিবক্তাই অভিযোগ কৰা মতে নগাঁও জিলা ন্যায়িক আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ ৰ অধীনত চলি থকা ৩৭৭/২০১৭ নম্বৰৰ এটি গোচৰত ঈশান শইকীয়াক গ্ৰেপ্তাৰ কৰা বিষয়াগৰাকীয়ে ভুক্তভোগী পৰিয়ালটোৰ লগতে অধিবক্তাগৰাকীক অশালীন ব্যৱহাৰ কৰি থানাৰ ভিতৰতে অপদস্ত কৰিছে।

কলিয়াবৰ উকীল সন্থাৰ সম্পাদক প্ৰশান্ত শ‌ইকীয়া আৰু অধিবক্তা অতিন্দ্ৰ হাজৰিকাই আৰক্ষী বিষয়াগৰাকীক নিয়মবৰ্হিভুত ভাৱে এগৰাকী আচামীক তিনি দিন ধৰি লক‌আপত ৰখাৰ কাৰণ কি জানিব বিচৰাত আৰক্ষী বিষয়াগৰাকীয়ে অধিবক্তাগৰাকীক উত্তৰ দিয়াৰ পৰা বিৰত থাকি অশালীন ব্যৱহাৰ কৰি অপদস্ত কৰাৰ লগতে অধিবক্তাগৰাকীৰ বিৰুদ্ধে গোচৰ তৰাৰো ভাবুকি দি থানাৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে।

ইফালে উক্ত ঘটনাৰ ভিডিঅ' সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিককো ভিডিঅ' সংগ্ৰহত বাধা প্ৰদান কৰে অন্যথা সাংবাদিকৰ বিৰুদ্ধেও গোচৰ তৰাৰ ভাবুকি দিয়া কাৰ্যত সাংবাদিক মহল ক্ষুন্ন হৈ পৰে।

উল্লেখযোগ্য যে, ঈশান শইকীয়াৰ পত্নী নয়ন মনি শইকীয়াই ক্ষতিপূৰণ বিচাৰি স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ। ইফালে আৰক্ষীৰ দ্বাৰা দুৰ্ব্যৱহাৰ পোৱা অধিবক্তা গৰাকীয়ে সাংবাদিকক কয় যে, সংবিধানৰ অনুছেদ ২২ৰ মতে এগৰাকী আচামীক জেৰা কৰা সময়ত অধিবক্তাই সাক্ষাৎ কৰিব পাৰে। তাত আৰক্ষী বিষয়াগৰাকীয়ে বাধা দি আইন ভংগ কৰিছে।

আনহাতে এগৰাকী আচামীক গ্ৰেপ্তাৰ কৰাৰ সময়ত পৰিয়ালক কি কাৰণত লোক জনক গ্ৰেপ্তাৰ কৰা হ'ল জনাব লাগে যদিও আৰক্ষী বিষয়াগৰাকীয়ে সেই আইন ভংগ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা আচামী জনক ২৪ ঘন্টাৰ ভিতৰতে এজন দণ্ডাধিশৰ ওচৰত হাজিৰ কৰাব লাগিছিল যিটো আৰক্ষী বিষয়াগৰাকীয়ে নকৰিলে। এই সম্পৰ্কত ক্ষুব্ধ অধিবক্তাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও আজি সাংবাদিকক জানিব দিয়ে।