নগাঁও

লংকাৰ বিদ্যালয়ত অবাঞ্চিত ঘটনা : শ্ৰেণীকোঠাত ওলাল সুৰাৰ বটল আৰু...

Asomiya Pratidin

ডিজিটেল সংবাদ, লংকাঃ লংকাৰ মাজমজিয়াত থকা লংকা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক অঘটন। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ লগতে চৌহদত ওলাল মদৰ বটল, মাংস, চিগাৰেট আৰু প্লাষ্টিক গ্লাছ।

জানিব পৰা মতে সোমবাৰে পুৱা ৭-৩০ বজাত ছাত্ৰ-ছাত্ৰীসহ অভিভাৱকসকল বিদ্যালয়লৈ আহিয়েই এনে দৃশ্য শ্ৰেণীকোঠাত প্ৰতক্ষ্য কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। লংকাৰ অতি পুৰণি শিক্ষানুষ্ঠান এটাৰ এনে পৰিৱেশ দেখি হতভম্বিত হৈ পৰিছে সচেতন অভিভাৱক।

নিশা বিদ্যালয়খনত সুৰাৰ আড্ডা চলা বুলি একাংশ অভিভাৱকে অভিযোগ তুলিছে। জানিব পৰা মতে, বিদ্যালয়খনত দেওবাৰে নিশা চলিছিল এখন বিহু সমিতিৰ খানা।

কোনোৱে ভাত খোৱাৰ পূৰ্বে মাংসৰ লগত সুৰা সেৱন কৰি শ্ৰেণীকোঠাত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওপৰতো অভিভাৱকসকলে অভিযোগৰ আঙুলি টোৱাঁইছে ।

আনহাতে, নিশা বিদ্যালয়খনৰ দায়িত্বত থকা মহিলাগৰাকী দেওৱাৰ বাবে বিদ্যালয়খনত উপস্থিত নাচিল বুলি জানিবলৈ দিয়ে। এই সমগ্ৰ ঘটনাৱলীক কেন্দ্ৰ কৰি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।