নগাঁও

উৰিয়াগাঁৱৰ ভোগালী মেলাত বিধায়ক ৰূপক শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : উৰিয়াগাঁও খেলপথাৰৰ অসমী ভোগালী মেলাৰ প্ৰতি ৰাইজৰ উৎসাহ ৷ ত্ৰিশৰো অধিক মহিলা আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰা ভোগালী মেলাত আংশানুৰূপ সহাৰি ৰাইজৰ ৷

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা শুক্ৰবাৰে উপস্থিত হয় ভোগালী মেলাত ৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান নগাঁৱৰ সহযোগত আয়োজিত ভোগালী মেলাত বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰি মহিলা সবলীকৰনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷

আৰ্থিকভাৱে সবল কৰি তুলিবলৈ মহিলাসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচঁনিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি , উৰিয়াগাঁও জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ , উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজিত ভোগালী বিহু উৎসৱৰ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীক লৈ উখল মাখল কাৰ্যসূচী ৷

বিয়লি খেলপথাৰৰ মঞ্চত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিশিষ্ট অভিনেতা , সমাজসেৱক কমলেশ শইকীয়া উপস্থিত থাকি উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰখনি সন্দৰ্ভত অবলোকন কৰে। লগতে খেলপথাৰখনৰ উত্তৰনৰ বাবে বিধায়ক শৰ্মাৰ সহযোগ কামনা কৰে ৷

জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই এক সংগ্ৰামৰ জৰিয়তে কেনেদৰে উৰিয়াগাঁও খেলপথাৰে প্ৰান পালে সেই সন্দৰ্ভত মন্তব্য আগবঢ়াই উৰিয়াগাঁও বাইপাচ চকক বানিৰ্জ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে সহযোগ কামনা কৰে ৷