নগাঁও

উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰত প্ৰাইজমানি ক্ৰিকেট খেল আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰৰ পৰা আৰম্ভ হয় প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা -২০২৪। উৰিয়াগাঁও খেলপথাৰত আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী খেল খনত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু নগাঁও ইলেকট্ৰনিক মিডিয়া এছচিশ্যন (নেমা)।

প্ৰতিযোগিতা খনৰ প্ৰাৰম্ভতে উদ্ধোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাস , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা দীপমণি বৰা, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,মুনীন্দ্ৰ শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াকে ধৰি কেইবাগৰাকীও গণ্যমাণ্য ব্যক্তি । খেল খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা দীপমণি বৰাই।

ইয়াৰ পাছতে উদ্ধোধনী অনুষ্ঠানৰ বিশিষ্ট অতিথি সকলৰ সৈতে খেলুৱৈ সকলক চিনাকি কৰাই দিয়াৰ অন্তত অনুষ্ঠিত ট'ছত নেমা'ৰ দলটো জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। সাংবাদিক বিৰেন বৰাৰ নেতৃত্বত নেমা'ৰ ক্ৰিকেট দলটোৱে নিৰ্দ্দিষ্ট ১০ অভাৰ বলৰ অন্তত ৪টা উইকেটৰ বিনিময়ত ১৩৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে এই ৰাণ সংখ্যাটো প্ৰৱাল শৰ্মাৰ নেতৃত্বৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে অনায়াসে ৫ টা উইকেটৰ বিনিময়ত ১৩৮ ৰাণ কৰি আজিৰ খেলখনত জয়ৰ সোৱাদ লাভ কৰে।

উল্লেখযোগ্য যে- প্ৰতিযোগিতা খনত বিজয়ী দলক ৫১ হাজাৰ ১১১টকা আৰু ট্ৰফি ,বিজিত দলক ২১ হাজাৰ ১১১টকা আৰু ট্ৰফি,মেন অৱ দ্যা মেচ,মেন অৱ দ্যা চিৰিজ আৰু শ্ৰেষ্ঠ ফিল্ডাৰক পুৰস্কৃত কৰিব।