কঠীয়াতলী গাৰোগাৱঁত পত্নীৰ হাতত প্ৰাণ হেৰুৱালে স্বামীয়ে... 
নগাঁও

কঠীয়াতলী গাৰোগাৱঁত পত্নীৰ হাতত প্ৰাণ হেৰুৱালে স্বামীয়ে...

Asomiya Pratidin

ডিজিটেল সেৱা কঠীয়াতলী: নগাঁও জিলাৰ কঠীয়াতলীৰ গাৰোগাৱঁত যোৱা নিশা সংঘটিত এক ঘটনাত পত্নীৰ হাতত প্ৰাণ হেৰুৱাই স্বামীয়ে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা স্বামী চিমিয়েন মাৰাক (৪৮) আৰু ৰাহাৰ চাংমা (৪৫) ৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। কাজিয়াৰ শেষ পৰ্যায়ত স্বামী চিমিয়েন মাৰাকে পত্নী ৰাহাৰ চাংমাক লাখুঁটিৰে প্ৰহাৰ কৰে।

স্বামীৰ প্ৰহাৰৰ প্ৰত্যুত্তৰত পত্নীয়ে স্বামীৰ মূৰত লাখুঁটিৰে প্ৰহাৰ কৰাত স্বামী চিমিয়েন মাৰাকৰ মূৰত তীব্ৰ ৰক্তক্ষৰণ হয়। ঘটনাস্থলীত কঠীয়াতলী আৰক্ষীৰ এটি দল উপস্থিত হৈ চিমিয়েন মাৰাকক কঠীয়াতলী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰাথমিক চিকিৎসাৰ অন্তত চিমিয়েন মাৰাকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। নিশাই নগাঁও মহখুলি অসামৰিক চিকিৎসালয়ে তেখেতক গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও চিমিয়েন মাৰাকক উন্নত চিকিৎসাৰ পৰিৱৰ্তে ঘৰলৈ লৈ আনে।

অধিক ৰক্তক্ষৰণৰ বাবে আজি তেখেতৰ নিজ গৃহত মৃত্যু ঘটে। কঠীয়াতলী আৰক্ষী লোকজনৰ ঘৰত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।