উৰে নিশা উজাগৰে পাৰ কৰিলে কামপুৰৰ ৰাইজে... 
নগাঁও

ওৰে নিশা উজাগৰে পাৰ কৰিলে কামপুৰৰ ৰাইজে...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ বানৰ সমান্তৰালকৈ বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কামপুৰত। বৃহস্পতিবাৰ পুৱাৰ পৰাই কামপুৰ চহৰত আৰু চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ পাছত নিশাও অব্যাহত থাকিল এই হাতীৰ উপদ্ৰৱ।

ফলত ওৰে ৰাতি শংকাৰ মাজতেই পাৰ কৰিবলগীয়া হ'ল কামপুৰৰ জনতাই। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ এটা জাকৰ পৰা ভাঙি আহি এটা হতীয়ে বৃহস্পতিবাৰে পুৱাৰে পৰা কামপুৰৰ মাজমজিয়াত সন্ত্ৰাস চলায় আছিল।

পুৱাৰে পৰা বন বিভাগৰ লোক আৰু আৰক্ষীয়ে অহৰহ এই হাতীটোক জনাঞ্চলৰ পৰা আঁতৰাই নিৰাপদ স্থানলৈ পঠিওৱাৰ চেষ্টাৰ অন্তত সফল হৈছিল যদিও নিশা পুনৰ হাতীৰ উপদ্ৰৱ আৰম্ভ হয়।

যাৰ বাবে নিশা কামপুৰ-কচুৱা সংযোগী পথত যানবাহন আৱদ্ধ কৰি বন বিভাগে হাতী খেদাৰ চেষ্টা কৰে। এনে পৰিস্থিতিত কামপুৰ পৌৰসভাৰ এলেকাৰ ৰাইজে ওৰে নিশা উজাগৰে পাৰ কৰিবলগীয়া হয়।