নগাঁও

নগাঁও সত্ৰ ন্যায়ধীশ আদালতৰ ৰায় : হত্যাৰ গোচৰত অভিযুক্ত মহিলাক যাৱজ্জীৱন কাৰাদণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা সত্ৰ ন্যায়ধীশ আদালতে বুধবাৰে এক ৰায়যোগে হত্যাৰ গোচৰত অভিযুক্ত গীতা চেত্ৰী গুৰুঙ নামৰ এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। হত্যাৰ গোচৰত অভিযুক্ত মহিলাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

গোচৰটোৰ চৰকাৰী অধিবক্তা বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰবিল চিতলমাৰী গাঁৱৰ সঞ্জয় গুৰুঙে ২০১৭ চনৰ ৯ আগষ্টত কচুৱা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি তেওঁ ভাতৃ সঞ্জীৱ গুৰুঙক পত্নী গীতা চেত্ৰীয়ে ৰাতি শুই থকা অৱস্থাত চোকা দাৰে ডিঙিত ঘপিয়াই হত্যা কৰিছিল।

ইফালে ঘটনা সংঘটিত কৰি গীতা চেত্ৰীয়ে নিশাৰ ভিতৰতে প্ৰতিবেশী মাৰিয়া চাংমাৰ ঘৰলৈ গৈছিল আৰু নিজৰ স্বামীক হত্যা কৰাৰ কথা অৱগত কৰিছিল। উক্ত নিশা চাংমাৰ বিচনাৰ তলত তেওঁ আশ্ৰয় লৈছিল।

চাংমাই লগে লগে গীতাৰ পিতৃ ধিৰেচ মাৰাকক খবৰ দিয়াত মাৰাকে মৃত সঞ্জীৱ গুৰুঙৰ জেষ্ঠ ভাতৃ সঞ্জয় গুৰুং আৰু গাঁৱৰ আন লোকক খবৰ দিয়ে। লগে লগে সকলো আহি সঞ্জীৱ গুৰুঙৰ মৃতদেহ ডিঙি কটা অৱস্থাত তেজৰ ডোঙাত পৰি থকা প্ৰত্যক্ষ কৰে।

গীতা চেত্ৰীয়ে ৰাইজৰ আগত এই ঘটনা তেওঁ নিজে কৰা বুলি স্বীকাৰ কৰে। সঞ্জয় গুৰুঙৰ এজাৰৰ ভিত্তিত কচুৱা আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১৯৯/১৭ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত গীতা চেত্ৰীক গ্ৰেপ্তাৰ কৰে।

গোচৰৰ তদন্তৰ অন্তত অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ৩০২ ধাৰাৰ অধীনত অভিযোগনামা আদালতত দাখিল কৰে। গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ অন্তত বুধবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ ৰক্তিম দুৱৰাৰ আদালতে এক ৰায়দান যোগে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা অবিহনে অত্যাধিক ৬মাহ কাৰাদণ্ড বিহে।