মহিলাৰ গা ধোৱা ভিডিঅ' ভেণ্টিলেটৰৰ পৰা ৰেকৰ্ডিং কৰাৰ চেষ্টাঃ দুজনক গ্ৰেপ্তাৰ... 
নগাঁও

মহিলাৰ গা ধোৱা ভিডিঅ' ভেণ্টিলেটৰৰ পৰা ৰেকৰ্ডিং কৰাৰ চেষ্টাঃ দুজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰত মহিলাই গা ধোৱা দৃশ্য গোপনে মোবাইলত ৰেকৰ্ডিঙ কৰাৰ দৰে অপকৰ্মত লিপ্ত হোৱা ঘটনাৰে জড়িত এটি দলৰ কাৰ্য পোহৰলৈ অহা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত যোৱা নিশা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে নগাঁও চহৰৰ খুটিকটীয়াৰ এগৰাকী মহিলাই নিজৰ ঘৰৰ গাধুৱা ঘৰত গা ধোৱাৰ দৃশ্য ভেণ্টিলেটৰৰ পৰা ভিডিঅ’ কৰাৰ চেষ্টা চলাইছিল উক্ত দুষ্ট চক্ৰটোৱে। গা ধুবলৈ গৈ হঠাতে বাথৰুমৰ ভেণ্টিলেটৰত মহিলাগৰাকীয়ে এটা নীলা ৰঙৰ কভাৰৰ মোবাইলেৰে ভিডিঅ' ৰেকৰ্ডিং কৰা দৃশ্য প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া কাষ চাপি আহে।

ইতিমধ্যে হুলস্থূলীয়া পৰিৱেশৰ মাজতে ঘটনাৰ লগত জড়িত যুৱক তিনিজন পলাবলৈ চেষ্টা কৰে। অৱশ্যে স্থানীয় একাংশ লোকে খেদি খেদি যুৱক কেইজনৰ ভিতৰত দুজনক কৰায়ত্ব কৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও সদৰ থানাত ৬৯৫/২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱক হ’ল নচিবুদ্দিন আৰু মুৰ্তাজা হাছান।ঘটনাৰে জড়িত আকাশ আলী পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

ধৃত যুৱক দুটাৰ মোবইলত বহু মহিলাৰ গোপন ভিডিঅ’ পোৱা গৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। এই চাঞ্চল্যকৰ আৰু আপত্তিজনক কৰ্মকাণ্ডক লৈ এতিয়া সমগ্ৰ নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া হৈছে।

এই কাণ্ডৰ লগত এক বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উক্ত দলটোৰ এজন যুৱক ভাড়া সূত্ৰে খুটিকটিয়াত কিছু দিন ধৰি আছিল। ভাড়া ঘৰতে থাকি এনে ধৰনৰ অপকৰ্মত লিপ্ত হৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁও আৰক্ষীয়ে।

ইপিনে, যিটো নীলা ৰঙৰ কভাৰৰ মোবাইলেৰে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল সেই মোবাইলটো এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই যদিও যিটো মোবাইল যুৱক দুজনৰ জিম্মাৰ পৰা জব্দ কৰিছে সেই মোবাইলটোত বহু পৰিমাণৰ আপত্তি জনক দৃশ্য আছে।

কিন্তু এই যুৱক দুজনে ঘন জনবসতিপূৰ্ণ এটা অঞ্চলত যুৱতী বা মহিলাৰ গোপন দৃশ্য মোবাইলেৰে ৰেকৰ্ডিং কৰিবলৈ কেনেকৈ ইমান সাহস কৰিলে তাক লৈ এতিয়া ভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। সেয়েহে স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত অধিক তদন্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

সমান্তৰালকৈ মহিলা, যুৱতীৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিবলৈয়ো দাবী জনাইছে। ইফালে একাংশ লোকে সন্দে কৰিছে এইদৰে মহিলা, যুৱতীৰ ভিডিঅ’ সংগ্ৰহ কৰি এই চক্ৰটোৱে বাংলাদেশৰ পৰা নিয়ন্ত্ৰিত একাংশ পেজত আপলোড কৰে।