নগাঁও

বঢ়মপুৰত "বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪" উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত চৰকাৰী পশুধন পামত বিশ্ব পশু চিকিৎসা দিৱস পালন কৰা হয়। অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ সহযোগত উক্ত দিৱসটি কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ।

এই উপলক্ষে পুৱা জিলা পশুপালন বিষয়া ডা° শান্তনু কুমাৰ খাউণ্ডে বৃক্ষৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পশুধন পামখনৰ প্ৰাংগণত এখনি "চিত্ৰাংকন প্ৰতিযোগিতা" অনুষ্ঠিত কৰা হয় । বঢ়মপুৰ আৰু ইয়াৰ কাষৰীয়া মুঠ ৫ খন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলোকে এখনি মানপত্ৰৰে সম্বৰ্ধিত কৰা হয়।

প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে জিলা গো-উন্নয়ন বিষয়া ড° প্ৰবীৰ শইকীয়া আৰু ভাস্কৰ্যশিল্পী ৰাজীৱ শইকীয়াই। উল্লেখ্য যে শনিবাৰে বিয়লি পশুধন পামৰ প্ৰেক্ষাগৃহত অসম পশু চিকিৎসা পৰিষদৰ সভাপতি ডা° দণ্ডেশ্বৰ ডেকাৰ সঞ্চালনাত বিশ্ব পশু চিকিৎসা দিৱসৰ লগত সংগতি ৰাখি কাৰিকৰী সত্ৰ "Veterinarians are Essential Health Workers" শীৰ্ষক বিষয়ক লৈ এখনি মুকলি সভা অনুষ্ঠিত হয় ।

পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থা অসমৰ সাধাৰণ সম্পাদক ডা° কঙ্কন কলিতাই উদ্দেশ্যে বাখ্যা কৰা মুকলি সভাখনৰ সভাপতিত্ব কৰে অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যকৰী বিষয়া ডা° মণিদ্বীপ দাসে । আনহাতে আজিৰ সভাতেই চাৰিগৰাকী উদ্যোগী পশুপালক ক্ৰমে ঘাঁহীৰ জিনা গোস্বামী শৰ্মা,দেউৰীগাঁৱৰ আৰতি সূত, ফুলগুৰি ধেমাজিগাঁৱৰ পৱিত্ৰ কাকতি আৰু ধেপাজানৰ আফিয়া বেগমক সম্বৰ্ধনা জনোৱা হয় ।

সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডাঃ সংগীতা দাস আৰু ডাঃ অভিলাশা শৰ্মা। দুয়োগৰাকীয়ে পশুচিকিৎসা বৃত্তিত জড়িত বিভিন্ন দিশ আৰু ৰোগসমূহৰ ওপৰত ডিজিটেল পদ্ধতিৰে আলোচনা কৰে ।

উল্লেখ্য যে , আজিৰ সভাতেই দক্ষতাৰে আৰু অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য সমাপন কৰা পশু চিকিৎসকদ্বয় ডা° হাফিজুৰ ৰহমান আৰু ডা° মুধুমিতা দাসক অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাই এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ পশু চিকিৎসকৰ বঁটা প্ৰদান কৰে । সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ নগাঁৱৰ সম্পাদক ডা° বিনয় কুমাৰ বৰদলৈয়ে ।

ইফালে উক্ত দিৱসৰ সৈতে সংগতি ৰাখি শোণিতপুৰ পশু চিকিৎসকৰ দল আৰু নগাঁও পশু চিকিৎসক দলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাও অনুষ্ঠিত হয় । উক্ত খেলখনত নগাঁও পশু চিকিৎসক দল বিজয়ী হয়।