কামপুৰত বালি মাফিয়াৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আহত আহত যুৱক... 
নগাঁও

কামপুৰত বালি মাফিয়াৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আহত আহত যুৱক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কামপুৰ ৰজাগাঁৱত নিশা তীব্ৰ উত্তেজনা ৷ ৰাজপথৰ কাষত অবৈধভাৱে বালি ডাম্পাৰ ৰখাই থোৱাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা৷

এজন যুৱকক দাৰে আক্ৰমণ বালি মাফিয়াৰ ৷ ফলত গুৰুতৰভাৱে আহত হৈছে যুৱকগৰাকী। ইয়াৰ পিছতে ততাতৈয়াকৈ যুৱকজনক ভৰ্তি কৰে চিকিৎসালয়ত ৷

আহত যুৱক জনৰ নাম সুজিত চন্দ্ৰ ৷ পাছত উত্তজিত ৰাইজে বালি মাফিয়াৰ আড্ডা বহা দোকান ভাঙি লণ্ড ভণ্ড কৰে ৷ ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

দীৰ্ঘ দিন ৰাজপথৰ কাষত বালি ডাম্পাৰসমূহ ৰখাই থোৱাত ৰাইজৰ বহু অসুবিধা হৈ আহিছিল।