নগাঁও

'চিমপ্লেক্স' ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী যুৱ-ছাত্ৰ পৰিষদৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতি আৰু 'চিমপ্লেক্স' ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰায় শতাধিক সদস্যয় অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত চিমপ্লেক্স গ'বেক, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হায় হয়, আৰক্ষী প্ৰশাসন হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

আধাঘন্টাৰো অধিক সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ (এ) ৰাষ্টীয় ঘাইপথ পথৰ যাতায়ত স্তব্ধ কৰি তোলে। পৰৱৰ্তী পৰ্যায়ত অতিৰিক্ত জিলা আয়ুক্ত, নগাঁও তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি, কলিয়াবৰৰ নিত্য বিনোদ ৱাৰী উপস্থিত হৈ ৫দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আৰু চিমপ্লেক্স ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগত যুৱ-ছাত্ৰ পৰিষদৰে আলোচনাত মিলিত হৈ এক সথিক উত্তৰ ৰাইজক প্ৰদান কৰা হ'ব প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবদকাৰীয়ে আন্দোলনৰ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখে।

প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখা হ'ব বুলি সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে । প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰ, কলিয়াবৰ জিলা সমিতিৰ সভাপতি চন্দন শইকীয়া, সাধাৰণ সম্পাদক মৃগাংক বৰা, কলিয়াবৰ উন্নয়ন সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ বৰদলৈৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

ইফালে প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীক যথেষ্ট দুব্যৱহাৰ কৰা লগতে বেনাৰ পৰ্যন্ত ফালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। স্মৰ্তব্য যে 'চিমপ্লেক্স' ঠিকাদাৰী প্ৰতিষ্ঠানে আজি ১১ বছৰে নিৰ্মাণ কৰি উলিয়াব নোৱাৰা কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৱে জলাকলা খুৱাইছে দুই কাষৰ লোকসকলক।

আনহাতে উজনি নামনি আৰু উত্তৰ ফালৰ সংযোগস্থলত ট্ৰেফিক পুলিচৰ ব্যৱস্থা নকৰাৰ বাবে ঠাইটুকুৰাত বহু দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। আনহাতে উৰণ সেতু নিৰ্মাণ কাৰ্যত চকীদাৰ হিচাপে কৰ্মৰত স্থানীয় কেইবাজনো যুৱকক চিমপ্লেক্স নামৰ কোম্পানীটোৰ সংশ্লিষ্ট বিষয়া কৰ্মী ঠিকাদাৰে বিগত সুদীৰ্ঘ সময়ত মানসিক হাৰাশাস্তি চলাই অহা বুলি অভিযোগ কৰিছে।

বিগত আঠ মাহ ধৰি দৰমহা নোপোৱা বুলিও শ্ৰমিক সকলে প্ৰকাশ কৰে। এই ক্ষেত্ৰত শীঘ্ৰেই প্ৰাপ্য ধনৰাশি আদায় দিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ঠীকাদাৰ প্ৰতিষ্ঠান টোক দাবী জনায়। প্ৰতিবাদস্থলীতে অতিৰিক্ত জিলা আয়ুক্ত, নগাঁও তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি, কলিয়াবৰৰ নিত্য বিনোদ ৱাৰীক সভাপতি চন্দন শইকীয়া আৰু সাধাৰণ সম্পাদক মৃগাংক বৰাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ মহকুমাধিপতিলৈ প্ৰেৰণ কৰে।