অসম

নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা...

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ আৰক্ষী অধীক্ষকক বদলি । ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে নগাঁৱৰ আৰক্ষী অধীক্ষক নবনীত মহন্তক বদলি কৰিছে । এ পি এছ মহন্তক নগাঁৱৰ পৰা বদলি কৰা হৈছে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক হিচাপে ।

মহন্তৰ স্থানত নগাঁৱলৈ বদলি কৰা হৈছে এ পি এছ স্বপ্ননীল ডেকাক । ডেকা গোৱালপাৰাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰত হৈ আছিল । লোকসভা নিৰ্বাচনৰ বাবে এই ৰদ-বদল হোৱা বুলি জানিব পৰা গৈছে ।