অসম

অভিযন্তা সকল কাৰিকৰী বিভাগৰ লগতে সমাজ নিৰ্মাণটো ব্ৰতী হওঁক...

Dimpul Borgohain

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত যোৱা ১৫ছেপ্তেম্বৰত নগাঁৱৰ জাচিংফা ৰিজৰ্টত সুখী অভিযন্তা দিৱস উদযাপন কৰা হয়। নগাঁও জিলা আয়ুক্তই এই দিৱস আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা সকলে জলজীৱন মিছনৰ আচনি সমুহৰ বিষয়ে ৰাইজক সঠিকভাবে অৱগত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

আচনি সমূহ সঠিক ৰূপায়নত নিষ্ঠাৰে দ্বায়িত্ব পালন কৰিবলৈ অভিযন্তা ,কনিষ্ঠ অভিযন্তা সকলক আয়ুক্ত গৰাকীয়ে আহ্বান জনোৱাৰ লগতে অভিযন্তা সকলে কাৰিকৰী বিভাগৰ লগতে সমাজ নিৰ্মাণটো ব্ৰতী হবলৈ আহ্বান জনায় । উল্লেখ্য যে অনুষ্ঠানত ভাৰতীয় অভিযন্তা সকলৰ পিতৃ আৰু ভাৰতৰত্ন মুক্সছাগুণ্ডাম ভিছভেজভৰিয়া (Mukshagunam Visvesvaraya) ৰ স্মৃতিত অনুষ্ঠিত অভিযন্তা দিৱসত অবসৰপ্ৰাপ্ত অভিযন্তা অন্নমোহন বৰা ,পংকজ বৰদলৈ ,টংকেশ্বৰ লস্কৰ, হাফিজউদ্দিন আহমেদ ,অনুপ দাস , পৰাগমণি কন্দলিকে ধৰি নগাঁও চক্ৰৰ অধীক্ষক অভিযন্তা শান্তনু সূত্ৰধৰ উপস্থিত থাকে

নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ আৰু মহকুমা অভিযন্তা (SDO) ৰূপজ্যোতি বৰদলৈয়ে আত ধৰি সামগ্ৰীক পৰিচালনা কৰা অনুষ্ঠানটিত নগাঁও ,ধিং ,হোজাই , কলিয়াবৰ ,মৰিগাঁও সংমণ্ডলৰ অভিযন্তা ,কনিষ্ঠ অভিযন্তা সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই জনস্বাস্থ্য বিভাগে ৰূপায়ন কৰা আচনি সমুহৰ বিষয়ে উল্লেখ কৰে।