চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতীম বৰুৱাক বিৰিণা গোষ্ঠীৰ বিশেষ সম্বৰ্ধনা... 
নলবাৰী

চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতীম বৰুৱাক বিৰিণা গোষ্ঠীৰ বিশেষ সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ দৌলাশালঃ নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাক শনিবাৰে বিৰিণা গোষ্ঠী অসমে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এ.পি.এছ বিষয়াগৰাকীক ৰাজ্য চৰকাৰে শেহতীয়াভাৱে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়ে ।

বিৰিণা গোষ্ঠী, অসমৰ লগত বিশেষভাৱে জড়িত গোষ্ঠীটোৰ অন্যতম শুভাকাংক্ষী আৰক্ষী বিষয়াগৰাকীক বাক্সা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াত বিৰিণা গোষ্ঠী, অসমে আৰক্ষী বিষয়াগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অসম আৰক্ষীৰ সুদক্ষ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে বিগত চৈধ্য মাহে দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীত অধিনায়ক হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ উপৰিও অঞ্চলটোত বিভিন্ন সামাজিক কাম কৰিছিল ৷

এইগৰাকী এ.পি.এছ বিষয়াই বাহিনীত নতুনত্ব প্ৰদান কৰি বাহিনীৰ বিষয়া-জোৱানসকলক অধিক কৰ্মদ্যোগী কৰি তুলিবলৈও সক্ষম হৈছিল ৷ চতুৰ্দশ অসম আৰক্ষী বাহিনীক নতুন মাত্ৰা প্ৰদান কৰা এইগৰাকী দায়িত্বশীল বিষয়াৰ কৰ্মক নলবাৰী আৰু বৰপেটা জিলাৰ বিভিন্ন গাঁৱৰ লোকে শলাগ লৈ আহিছে ৷

এইগৰাকী আৰক্ষী বিষয়াই জনহিত জনসেৱাৰ্থে মূলমন্ত্ৰক সৰোগত কৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ লক্ষ্য লৈ নিজৰ একান্ত প্ৰচেষ্টাৰে নলবাৰী আৰু বৰপেটা জিলাৰ কুৰিখনতকৈ অধিক গাঁৱৰ আঠ সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী যোগান ধৰি আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ বাস্তৱ ছবিখন দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত সদায়ে গুৰুত্ব দি অহা বিষয়াগৰাকীয়ে দৌলাশাল হাইস্কুলত ইনভাৰ্টাৰ চেট প্ৰদান কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা পত্ৰত বিষয়াগৰাকীক বাক্সা জিলাৰ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াত বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকৰ নেতৃত্বত গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমান, সহকাৰী সম্পাদক সুৰজিৎ পাঠক, জয়ন্ত ডেকা, সদস্য জেহেৰুল হক, পংকজ বৰ্মনকে ধৰি এটি সজাতী দলে আৰক্ষী বিষয়া উজ্বল প্ৰতীম বৰুৱাক এখন বিৰিণাৰ নাম বচা গামোচা, এটি জাপি আৰু বিৰিণাৰ দ্বাৰা প্ৰকাশিত কিতাপৰ টোপোলাৰে বিষয়াগৰাকীক বিশেষ সম্ভাষণ জনাই শুভেচ্ছা জ্ঞাপন কৰে ।

সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ সম্বৰ্ধনা গ্ৰহণ কৰি এ.পি.এছ বিষয়াগৰাকীয়ে বিৰিণা গোষ্ঠীৰ জয়যাত্ৰা কামনা কৰাৰ লগতে বিৰিণা গোষ্ঠীৰ লগত সদায় আছোঁ বুলি কয় । আৰক্ষী আৰু জনসাধৰণৰ মাজৰ সম্পৰ্ক নিবিড় হলে এখন সুষ্ঠ সমাজ নিশ্চিতভাবে গঢ়ি উঠিব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখযোগ্য যে ২০২২ চনৰ ২২ জুলাইত এ.পি.এছ উজ্বল প্ৰতিম বৰুৱাই চতুৰ্দশ অসম আৰক্ষী বাহিনীত অধিনায়ক হিচাপে যোগদান কৰিছিল ৷