নলবাৰী

চকুপানীৰে বাট নেদেখা হৈছে একালৰ সুদক্ষ খেলুৱৈ আতাউৰ ৰহমানৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,দৌলাশাল : এসময়ত দুভৰিৰ যাদুৰে ফুটবলপ্ৰেমী ৰাইজক উৎসাহী কৰা মুকালমুৱাৰ আতাউৰ ৰহমানৰ সম্প্ৰতি বিচনাখনেই জীৱন সংগী হৈ পৰিছে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোগা গাঁৱৰ বাসিন্দা তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ আতাউৰ ৰহমানে জটিল ৰোগত আক্ৰান্ত হৈ কষ্টকৰ জীৱন অতিবাহিত কৰিছে ৷

আতাউৰ ৰহমানৰ একমাত্ৰ পুত্ৰও বিকলাংগ হোৱা হেঁতুকে পৰিয়ালটোৱে চৰম আৰ্থিক দৈন্যতাত ভুগি চকু পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ ঘোগা গাঁৱৰ এইগৰাকী আতাউৰ ৰহমানে বিগত ৩ বছৰে কটাই আহিছে যন্ত্ৰণাৰ জীৱন ৷

এসময়ৰ ফুটবল খেলুৱৈজনে সো-ভৰিত জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাৰ অভাৱত বিচনাখনকেই সংগী কৰি ল'বলগীয়া হৈছে ৷ আতাউৰ ৰহমানৰ একমাত্ৰ পুত্ৰ সন্তানটিও জন্মৰ পৰাই বিশেষভাৱে সক্ষম হোৱা হেঁতুকে পৰিয়ালটিৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ৷

আতাউৰ ৰহমানে ৩ বছৰ পূৰ্বে চিকিৎসাৰ বাবে চেন্নাইলৈ উৰা মাৰিছিল যদিও এটি অস্ত্ৰোপচাৰৰ বাবদ ৩ লক্ষাধিক টকা প্ৰয়োজন হোৱাত পৰিয়ালৰ লোকে চেন্নাইৰ পৰা বিনা চিকিৎসাই ঘৰলৈ লৈ আহিবলগীয়া হৈছিল ৷ সম্প্ৰতি পৰিয়ালটোক আৰ্থিক দৈন্যতাই খেদি ফুৰাত পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক আৰু ৰাইজৰ পৰা আৰ্থিক সহায়- সহযোগিতা বিচাৰিছে ৷

যদিহে কোনো হৃদয়বান লোকে দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে আতোৱাৰ ৰহমানৰ বেংক অব ইণ্ডিয়া, আদাবাৰী শাখাত থকা 500210110005908 নম্বৰ একাউণ্টত (আই.এফ এছ.চি BKID0005002) আৰ্থিক সহায় আগবঢ়াব পাৰে বুলি জনায় ৷ তদুপৰি পৰিয়ালৰ 60017 69558 নম্বৰৰ জৰিয়তেও সহায় - সহযোগিতা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷