নলবাৰী

বিজেপিৰ মায়া-মোহ এৰি অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিজেপি এতিয়া অতীত। এতিয়া আৰু বিজেপিৰ লগত তেঁওৰ কোনো সম্পৰ্ক নাই। বিজেপিৰ সকলো মায়া-মোহ ত্যাগ কৰি ৯ আগষ্ট শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক, আৰ এছ এছ নেতা তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই।

নলবাৰীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা বিশাল যোগদান কাৰ্যসূচীত ভালেসংখ্যক সমৰ্থক লগতলৈ অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আদিকে ধৰি কংগ্ৰেছৰ নেতৃবৰ্গ উপস্থিত থাকে।

ইয়াৰোপৰি আজিৰ এই অনুষ্ঠানত অশোক শৰ্মাৰ লগতে দল-সংগঠন তথা বিভিন্ন বৃত্তিৰে জড়িত কেইবাগৰাকীয়ে কংগ্ৰেছৰ নীতি আৰু আদৰ্শত আকৃষ্ট হৈ দলটোত যোগদান কৰে। আজিৰ এই যোগদান কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ নেতৃবৰ্গও উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২ আগষ্টৰ দিনা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগ পত্ৰ প্ৰদান কৰিছিল অশোক শৰ্মাই। দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি অশোক শৰ্মাই দলৰ মজিয়াত লাঞ্চনাৰ পোৱাৰ বাবেই দল এৰা বুলি মন্তব্য কৰিছিল তেঁও।