চামতালৈ অসম সাহিত্য সভাৰ পূৰ্ণকালিন অধিৱেশন আমন্ত্ৰণ... 
নলবাৰী

চামতালৈ অসম সাহিত্য সভাৰ পূৰ্ণকালিন অধিৱেশন আমন্ত্ৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: চামতা আঞ্চলিক শাখা সাহিত্য সভাই চামতাত অসম সাহিত্য সভাৰ পূৰ্ণকালিন অধিৱেশন আমন্ত্ৰণ জনাইছে। অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনত এই বিষয়ে অসম সাহিত্য সভাৰ নেতৃবৃন্দক আৰ্জি দিছে।

অধিৱেশনৰ ২ ফেব্ৰুৱাৰীত হোৱা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাক সাক্ষাৎ কৰি এই বিষয়ে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাছান আলী, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক যোগেশ কলিতা আৰু চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কুলেশ তালুকদাৰৰ দ্বাৰা গঠিত এটি সঁজাতী দলে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু অসমৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ-সংবৰ্ধন উপ-সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ আৰু অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকাৰ উপস্থিতিত এখন আৱেদন অৰ্পণ কৰে।

আৱেদন গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে এই বিষয়ে চিন্তা কৰি সঠিক সিদ্ধান্ত ল’ব বুলি সঁজাতী দলটোক আশ্বাস দি শাখা সভাক শক্তিশালী কৰাৰ হেতু বিশেষ কাৰ্যসূচী ৰূপায়ণ আৰু আজীৱন সদস্য ভৰ্তিৰ দিশত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। প্ৰধান সম্পাদকগৰাকীয়ে চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ২০২৪ বৰ্ষৰ ২৭ ডিচেম্বৰত অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস চামতাত পালনৰ যাৱতীয় ব্যৱস্থা ল’বলৈও পৰামৰ্শ দিয়ে। সঁজাতী দলটোৱে সভাৰ প্ৰধান সম্পাদকগৰাকীৰ ইতিবাচক পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।