নলবাৰী

জীৱন্ধৰী শাখা সাহিত্য সভাক অসম সাহিত্য সভাৰ স্বীকৃতিপত্ৰ প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ ‘‘শাখা সাহিত্য সভাবোৰ হৈছে জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ মূল শক্তি। শাখা সভা আৰু জিলা সভাবোৰ যিমান সক্ৰিয়, শক্তিশালী আৰু পাৰিপাটি হ’ব সিমানেই অসম সাহিত্য সভাৰ প্ৰভাৱ আৰু গুৰুত্ব সুদূৰ প্ৰসাৰী ব্যাপ্ত হ’ব। সেয়ে শাখা সভাবোৰে সঘনে সক্ৰিয়তাৰে কাৰ্যসূচী ৰূপায়ণ কৰি আগুৱাব লাগে। শাখাবোৰে যিমানে কাৰ্যসূচী ৰূপায়ণ কৰিব সাহিত্য সভা সিমানে জনমুখী হ’ব।’’ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ১০ মাৰ্চত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত জীৱন্ধৰী শাখা সাহিত্য সভাক অসম সাহিত্য সভাই আগবঢ়োৱা শাখা পঞ্জীয়নৰ স্বীকৃতিপত্ৰ প্ৰদান কৰি দিয়া ভাষণত এইদৰে কয়।

নলবাৰীৰ আনন্দ বিদ্যা নিকেতনত এই উপলক্ষে আয়োজিত এখন বিশেষ সভাত পৌৰোহিত্য কৰে শাখা সভাখনৰ সভাপতি ডিম্বিকা চৌধুৰীয়ে। শাখাখনৰ সম্পাদক প্ৰণীতা হালৈয়ে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে।

সভাসীন জীৱন্ধৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যা ক্ৰমে কিৰণ দেৱী, হীৰা দেৱী, নীলিমাৰাণী শৰ্মা, ৰীতা বৰুৱা, অণিমা দেৱী, বাসন্তী তালুকদাৰ, বিমলা দাস, ৰীণা ৰাজবংশী, মঞ্জু দেৱী, নিৰুপমা হালৈ, সুষমা দাস পাটোৱাৰী, জুৱলী পাটোৱাৰী, দীপিকা ভট্টাচাৰ্য, সৰোজিনী দেৱী, উৰ্মিলা গোস্বামী, চিত্ৰা দাস তালুকদাৰ, দীপামণি ভাগৱতী আৰু সবিতা বৰ্মনে নিজৰ বিভিন্ন লেখা পাঠ কৰা অনুষ্ঠান উজ্জীৱিত কৰাৰ লগতে সভাক আগুৱাই নিয়াৰ ক্ষেত্ৰত নানা পৰামৰ্শ আগবঢ়ায়। অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।