নলবাৰী

‘‘শাখা সভাবোৰ সাহিত্য-সংস্কৃতিৰ গৌৰৱৰ বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ অংশ’’-পংকজ বেজবৰুৱা

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ ‘‘অসম সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাবোৰৰ স্বকীয় চিন্তা-কৰ্ম আঁচনিবোৰে একোটা অঞ্চলক বিশেষভাৱে নতুনকৈ চিনাকি কৰাই দিয়ে। এই শাখা সভাবোৰ অঞ্চলবোৰৰ সাহিত্য আৰু সংস্কৃতিৰ গৌৰৱৰ বুৰঞ্জীৰ একোটি অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হয়।

শাখা সাহিত্যবোৰৰ দ্বাৰাই নতুন নতুন লেখক-লেখিকাসকলে সমাজত বা বহল মঞ্চ একোখনত থিয় হ’বলৈ প্ৰেৰণা আৰু সাহস পায়। সেয়ে সমাজৰ সকলো পৰ্যায়ৰ লোক শাখা সাহিত্য সভাৰ সৈতে জড়িত হৈ নিজক আৰু নিজৰ অঞ্চলকো আগুৱাই নিব পাৰে।’’ বৃহস্পতিবাৰে টিহু পৌৰসভাৰ অন্তৰ্গত নান্নাট্টাৰী প্ৰাথমিক বিদ্যালয়ত অসম শাখা সাহিত্য সভা গঠনৰ বাবে আয়োজিত সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত এইদৰে কয়।

শাখা সাহিত্য সভা গঠন সমিতিৰ আহ্বায়ক ক্ৰমে মালতী তালুকদাৰ, হেমন্ত কুমাৰ শীল, অনুপম ডেকা, কিশোৰ কুমাৰ দাস আৰু শান্তনু কলিতাৰ দ্বাৰা আহূত এই সভাখনত পৌৰোহিত্য কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰবীন্দ্ৰনাথ শৰ্মাই।

সভাৰ আদিতে পশ্চিম নান্নাট্টাৰী উন্নয়ন সমিতিৰ সভাপতি দশৰথ মজুমদাৰে এগছি বন্তি জ্বলাই অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা আৰু টিহু পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডৰ কমিচনাৰ জিন্তী বেজবৰুৱাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

সভাত উপস্থিত থাকি ফুকন কলিতা, চক্ৰপাণি তালুকদাৰ, মণি ভট্ট, প্ৰদীপ ভট্টাচাৰ্য, চিত্তৰঞ্জন কলিতা, ভৱেন্দ্ৰনাথ কলিতা, মধু বেজবৰুৱা, ডালিমী কলিতা, জয়ন্ত কলিতা, চন্দ্ৰ কলিতা, কিশোৰ কলিতা, জয়ন্ত ঠাকুৰীয়া, নৱ ৰাজবংশী, তাপস শৰ্মা প্ৰমুখ্যে অঞ্চলটোৰ বহুকেইগৰাকী সাহিত্য আৰু সংস্কৃতি অনুৰাগী লোকে অঞ্চলটোক সামৰি অসম সাহিত্য সভাৰ শাখা এখন গঠনৰ পোষকতা কৰি ইতিবাচক মতামত আগবঢ়ায়।

সভাত সৰ্ব সন্মতিক্ৰমে ‘নান্নাট্টাৰী পৰমানখোৱা শাখা সাহিত্য সভা’ নামেৰে এখন নতুন শাখা সভা গঠন কৰা হয়। এই সভাতে ৰবীন্দ্ৰনাথ শৰ্মাক সভাপতি, বিনোদ চক্ৰৱৰ্তী আৰু সূৰ্য কুমাৰ ডেকাক উপ সভাপতি, হেমন্ত কুমাৰ শীলক সম্পাদক, হৰেন্দ্ৰ ভট্ট আৰু কিশোৰ কুমাৰ দাসক সহকাৰী সম্পাদক, জিন্তী বেজবৰুৱাক কোষাধ্যক্ষ, ৰাজীৱ বেজবৰুৱা আৰু কৌশিক দাসক পত্ৰিকা সম্পাদক, অনুপম ডেকা আৰু হৰেন কলিতাক সাংগঠনিক সম্পাদক হিচাপে লৈ সদস্য সহিতে একৈছজনীয়া সমিতি এখন গঠন কৰা হয়।